১) Contact point exercise:

পিঠিখন আউজি আৰামদায়ক ভাৱে মজিয়া বা চকী এখনত বহি লওক। চকু দুটি মুদি শৰীৰৰ সেই স্থানত মন আৱদ্ধ কৰক য’ত দেহৰ অংগ প্ৰতংগ চকী বা মজিয়াত স্পৰ্শ কৰি থাকে। অন্য চিন্তাই আক্ৰান্ত কৰিলেও পুনৰ সেই স্থানলৈ মনটো ঘূৰাই আনিব। এনেদৰে প্ৰায় ১৫ মিনিটৰ বাবে ব্যায়ামটো অব্যাহত  ৰাখিব।

২) Ground & Release exercise:

আগৰ ব্যায়ামটোৰ লগত ভালদৰে পৰিচয় হোৱাৰ পিছত এই ব্যায়ামটোলৈ আগবাঢ়ক। ইয়াৰ বাবে আপুনি আগৰ দৰে বহি লওক। ধ্যানস্থহৈ আপোনাৰ উদ্বেগখিনি অনুভৱ কৰিব চেষ্টা কৰক। যেনে ধৰক আপোনাৰ বুকুখন খৰকৈ ধপ-ধপাই আছে, উশাহ-নিশাহ ঘন হৈছে, হাত-ভৰি গৰম হৈছে বা জিনজিনাই আছে ইত্যাদি। পুনৰাই আপোনাৰ মনসংযোগ দেহৰ সেই স্থানলৈ স্থানান্তৰিত কৰক য’ত দেহৰ অংগ সমূহ চকী বা মজিয়া চুই আছে। এনেদৰে প্ৰায় ১৫ মিনিটৰ বাবে অব্যাহত ৰাখক। দেখাত সহজ যেন লাগিলেও এই ব্যায়াম সমূহ সিমান সহজ নহয়। ভালদৰে পালন কৰিবলৈ কিছু সময় লাগিব পাৰে। ধৈৰ্য নেহেৰুৱাব। এনেদৰে আপোনাৰ মনৰ খিৰিকি ক্ৰমাৎ খোল খাব আৰম্ভ কৰিব। আৰু আপুনি উদ্বেগ আৰু হতাশাৰ দৰে দৈত্যৰ পৰা মুক্তি পাব। আহকচোন জীৱনটোক অলপ বেলেগ ধৰণে চাব চেষ্টা কৰো।